ষত্ব বিধি আৰু ণত্ব বিধিৰ নিয়মৰ বিষয়ে জানো আঁহক | Assam TET Assamese Grammar

By

ষত্ব বিধিঃ

ষত্ব বিধিঃ যি বিধি বা নিয়মমতে ; দন্ত্য 'সই মূর্ধণ্য ষৰৰূপ লয়, তেনে বিধিক ষত্ব বিধি বোলে।


ষত্ত্বৰ বিধিৰ প্ৰধান নিয়মবোৰ হলঃ

 

(ক) অ, আ-ৰ বাহিৰে অন্য স্বৰবৰ্ণ নাইবা ৰ ৰ পাছত থকা প্রত্যয়ৰ দন্ত্য স, মূর্ধণ্য ষ হয়।

যেনেঃ ঋষি, শ্ৰীচৰণেযু, মুমূর্ষ, ভৱিষ্যৎ, শুশ্রুষা ইত্যাদি।

 

(খ) ট-বৰ্গৰ বৰ্ণৰ লগত যুক্ত হোৱা দন্ত্য , মূর্ধণ্য ষ হয়।

যেনেঃ কষ্ট , দুষ্ট, ওষ্ট , মিষ্ট ইত্যাদি।

 

(গ) ই-কাৰান্ত বা উ-কাৰান্ত উপসৰ্গৰ পাছত স্থা, সিধ, সিচ, লস্,আদি ধাতুৰ দন্ত্য 'স, মূর্ধণ্য ষ হয়।

যেনেঃ নিষেধ, বিষাদ, প্রতিষ্ঠা, অভিলাষ, অনুষ্ঠান, নিষাদ, অভিষেক আদি।

 

(ঘ) ভূমি, গাে, অংগু, দিবি শব্দৰ পাছত থকা স্থা শব্দৰ দন্ত্য আৰু যুধি শব্দৰ পাছত থকা স্থিৰ শব্দৰ দন্ত্য স, মূর্ধণ্য হয়।

যেনেঃ ভূমিষ্ঠ, গােষ্ঠ, অংগুষ্ঠ, যুধিষ্ঠিৰ, দিবিষ্ট ইত্যাদি।

 

(৬) সু আৰু বি উপসৰ্গৰ পাছত থকা সম শব্দৰ দন্ত্য স, মূদ্ধণ্য ষ হয়।

যেনেঃ সুষম, বিষম ইত্যাদি।

 

(চ) প্রত্যয় যােগ হলে হবিসআৰু চাক্ষুস শব্দৰ দন্ত্য , মূর্ধণ্য হয়।

যেনেঃ হবিষ্য, চাক্ষুষ ইত্যাদি।

 

(ছ) কিছুমান শব্দত স্বাভাৱিকতে মূর্ধণ্য হয়। যেনেঃ ভাষা, বর্ষা, হর্ষ, দোষ, বিশেষ্য, ঘর্ষণ, কৃষক ইত্যাদি।


ণত্ব বিধিঃ

ণত্ব বিধিঃ  

যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য 'নই মূদ্ধণ্য ৰ ৰূপ লয়, তাকে ণত্ব বিধি বোলা হয়।

ণত্ব বিধিৰ প্ৰধান নিয়মবোৰ হল :

(ক) একেটা পদতে থকা ঋ, ৰ আৰু যৰ পাছত থকা দন্ত্য নি, মূর্ধণ্য হয়। যেনেঃ ঋণ, তৃণ, বৰষুণ, বর্ণ, কৃষ্ণ ইত্যাদি।


(খ) একেটা পদতে থকা ঋ, ৰ, ষ আৰু দন্ত্য 'নৰ মাজত স্বৰবৰ্ণ, কবর্গ বা প-বৰ্গৰ কোনাে বর্ণ বা য, ৱ, হ আৰু অনুস্বাৰ ব্যৱধান থাকিলেও দন্ত্য ন, মূর্ধণ্য হয়। যেনেঃ কৃপণ, গ্রহণ, ৰুক্মিণী, পাষাণ ইত্যাদি।


(গ) ট-বর্গযুক্ত কোনো বর্ণৰ লগত যুক্ত হলে দন্ত্য নি, মূর্ধণ্য হয়। যেনেঃ ঘন্টা, অণ্ড, বিষন্ন ; কণ্টক, পিণ্ড ইত্যাদি।


(ঘ) উত্তৰ, দক্ষিণ, চান্দ্র, পৰ, নাৰ, ৰাম আদি শব্দৰ পাছত থকা অয়ন শব্দৰ দন্ত্য ন', মূর্ধণ্য হয়। যেনেঃ ৰামায়ণ, উত্তৰায়ণ, পৰায়ণ ইত্যাদি।


(ঙ) প্র, পূর্ব, পৰ, অপৰ আদি শব্দৰ পাছত থকা অহ্ন শব্দৰ দন্ত্য নি, মূর্ধণ্য হয়। যেনেঃ প্ৰাহু, পূর্বাহ্ন ইত্যাদি।


(চ) প্ৰ, পৰা, পৰি, নিৰ আদি উপসর্গৰ পাছত থকা নাম,নয় আদিন কাৰাদি ধাতুৰ দন্ত্য 'ন, মূর্ধণ্য হয়। যেনেঃ প্রণাম, প্রণয়, নির্ণয়, পৰিণাম ইত্যাদি।


(ছ) অক্ষ শব্দৰ পাছত থকা উহিনী শব্দৰ দন্ত্য নি আৰু শূর্প শব্দৰ পাছত থকা নখশব্দৰ দন্ত্য , মূর্ধণ্য হয়। যেনেঃ  অক্ষৌহিণী, শূর্পণখা ইত্যাদি।


(জ) কিছুমান শব্দৰ স্বাভাৱিকতে মূর্ধণ্য হয়। যেনেঃ  বাণিজ্য, বাণী, বীণা, কণিকা, গুণ, গণ, চাণক্য ইত্যাদি।