৯ হাজাৰ শিক্ষক পদ নিযুক্তিত উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ আঁতৰিল |
ৰাজ্যৰ শিক্ষা বিভাগৰ ৯,০০০ হাজাৰ শিক্ষক পদ নিযুক্তিত শুকুৰবাৰে আইনি বাধা আঁতৰিল৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে পূৰ্বৰ স্থগিতাদেশৰ নিৰ্দেশ৷ যোৱা ২০১৮ বৰ্ষত চৰকাৰে ৯ হাজাৰ শিক্ষক পদ নিযুক্তিক লৈ বিজ্ঞাপন প্ৰকাশ কৰিছিল ৷
নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ নিয়মীয়া শিক্ষকৰ বাবে থকা পদসমূহত মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থী আৰু অন্যান্য টেট উত্তীৰ্ণ প্ৰাৰ্থীক আবেদনৰ বাবে অনুমতি প্ৰদান কৰা নাছিল চৰকাৰে৷
ইয়াৰ পাছতেই ২০১৯ৰ ৫ জানুৱাৰীত এক নিৰ্দেশনাযোগে প্ৰাৰ্থীসকলক অযোগ্য বুলি ঘোষণা কৰিছিল৷ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল৷
গোচৰৰ চূড়ান্ত সিদ্ধান্ত নোহোৱা পৰ্যন্ত ৩৫০টা পদ সংৰক্ষণৰ নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে৷
উল্লেখযোগ্য যে অন্য কিছু গোচৰ ও এই ৯ হাজাৰ পদত চলি আছে ।