Vote Against CAB Save Assam-Citizenship Amendment Bill Voting

By

Citizenship Amendment Bill Voting


আপুনি CAB ক সমৰ্থন কৰে নে? (Do you support CAB?)
নাই, মই CAB ক সমৰ্থন নকৰো (No, I do not support CAB)
হয়, মই CAB ক সমৰ্থন কৰো. (Yes, I support CAB )

Vote Against CAB Save Assam-Citizenship Amendment Bill Voting


অসম লেখক-শিল্পী সমাজ-এটি নিবেদন

অসমৰ জনসাধাৰণৰ সকলো আশা-আকাংক্ষা মষিমূৰ কৰি কেন্দ্ৰীয় চৰকাৰে সংসদৰ মজিয়াত নাগৰিকত্ব (সংশোধনী) বিধেয়ক উত্থাপন কৰি আইনত পৰিণত কৰিবলৈ বদ্ধপৰিকৰ হৈ উঠিছে। প্ৰস্তাৱিত ভাৰতীয নাগৰিকত্ব (সংশোধনী) বিধেয়ক ভাৰতীয় সংবিধানৰ পৰিপন্থী, কিয়নো এই বিধেয়কৰ মাজেৰে অবৈধ প্ৰব্ৰজনকাৰীক ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ কথা কোৱা হৈছে। লগতে সি ছবছৰীয়া অসম আন্দোলনৰ মাজেৰে সম্পাদিত হোৱা অসম চুক্তি মৰ্মে ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ ধৰ্মনিৰপেক্ষ প্ৰক্ৰিয়া নস্যাৎ কৰিব বিচাৰিছে।

কিন্তু অসমৰ মানুহৰ বাবে আটাইতকৈ ভয়াৱহ কথাটো হৈছে যে ই মানুহৰ মনত বিভাজন অনাৰ লগে লগে অবৈধ প্ৰব্ৰজনৰ বাট মুকলি কৰি দি অসমৰ সকলোবোৰ জাতি-জনগোষ্ঠীৰ ভাষা আৰু সংস্কৃতি বিপন্ন কৰি তুলিব। আমাৰ সকলোৰে আইৰ মুখৰ ভাষা ঘৰতে এলাগী হৈ পৰিব।

চৰকাৰে ২০১৪ চনলৈকে চুবুৰীযা দেশ বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰপৰা অহা ছটা ধৰ্মৰ লোকক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰাৰ মাজেৰেই এই কথা স্পষ্ট হৈ পৰিছে যে ১৯৭১ চন ভিত্তিবৰ্ষ হোৱাৰ পিছতো প্ৰধানকৈ চুবুৰীয়া বাংলাদেশৰপৰা অসম আৰু উত্তৰ-পূব ভাৰতলৈ নিৰন্তৰ অবৈধ প্ৰব্ৰজন চলিয়েই আছে। এনেক্ষেত্ৰত ২০১৪ চনৰ পিছতো যে অবৈধ প্ৰব্ৰজন চলি থকা নাই বা আগলৈকো নহ’ব তাৰ কোনো নিশ্চয়তা নাই। কেৱল সংখ্যাৰ জোৰতেই ভোটৰ অংকত কেন্দ্ৰীয় চৰকাৰে যিক্ষেত্ৰত ভিত্তিবৰ্ষ সলনি কৰিব বিচাৰিছে আৰু ভাৰতৰ সংবিধানৰ আধাৰত কুঠাৰাঘাত কৰিব বিচাৰিছে– তেনেক্ষেত্ৰত আগলৈকো যে ভিত্তিবৰ্ষ পুনৰবাৰ সলনি নকৰিব, তাৰ কোনো নিশ্চয়তা আছে বুলি আমি কব নোৱাৰোঁ।

নাগৰিকত্ব (সংশোধনী) বিধেয়ক আইনত পৰিণত কৰাৰ অৰ্থ হ’ব অসম চুক্তিৰ আধাৰত উন্নীত কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক অৰ্থহীন কৰি পোলোৱা আৰু বিভাজনৰ ৰাজনীতিৰে অসমৰ জাতি-জনগোষ্ঠীসমূহৰ মনত বিভেদৰ বীজ সিঁচি দিয়া । ভাষা-সাহিত্য-সংস্কৃতিৰ মাজেৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত শতিকাৰ পিছত শতিকা ধৰি গঢ়ি উঠা সাতামপুৰুষীয়া ঐক্য-সংহতি বিনষ্ট কৰি পেলোৱা। আমাৰ দাবী প্ৰস্তাৱিত নাগৰিকত্ব (সংশোধনী) বিধেয়কখন বাতিল কৰক আৰু অসম চুক্তিৰ আধাৰত প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আসোঁৱাহ দূৰ কৰি প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্তিৰে এখন শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ মাজেৰে অসমৰ জনতাৰ বিকাশৰ লগতে ভাষা-সাহিত্য-সংস্কৃতিৰ পৰিচয় সৰ্বতিকালৰ বাবে সুৰক্ষিত কৰক।

Source Credit: অসম লেখক-শিল্পী সমাজ